Yoga For Diabetes - 8 Yoga Asanas For Diabetes ॥ মধুমেহ ৰোগৰ বাবে যোগ - মধুমেহ ৰোগীৰ বাবে ৮ টা আসন ॥

ভাৰতবৰ্ষত ২০১৭ চনত পৃথিৱীৰ প্ৰায় ৪৯ শতাংশ মধুমেহ( Diabetes ) ৰোগী পোৱা গৈছিল। এই সংখ্যা ২০২০ চনলৈ প্ৰায় দুগুন হব বুলি অনুমান কৰা হৈছে। গতিকে ভাৰতবৰ্ষৰ বাবে ই এটা ডাঙৰ সমস্যাৰূপে থিয় দিছে। মানুহৰ শাৰীৰিক পৰিশ্ৰম কমি মানসিক পৰিশ্ৰম বৃদ্ধি পোৱা কৰণেই এই বেমাৰ দিনক দি4নে বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে। প্ৰতিদিনে বহুত মধুমেহ ৰোগীয়ে ইনছুলিন লব লগা অৱস্থা হৈছে যাৰ ফলত সেই পৰিয়ালবোৰ আৰ্থিকভাৱে দুৰ্বল হৈ যায়। পইচা খৰছ নকৰাকৈ মাত্ৰ অলপ সময়ৰ বিনিময়ত যোগ কৰি এই ৰোগ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পাৰি। এই post টোত ১০ আসনৰ বিষয়ে কোৱা হৈছে যিকেইটা নিয়মিত অভ্যাস কৰিলে মধুমেহ ৰোগৰ পৰা মুক্তি পাব পাৰি। ১)শশঙ্কাসন ( Seated Forward Bend) প্ৰণালীঃ ১)বজ্ৰাসনত বহিব। ২)আঁঠু দুটা যিমান পাৰি সিমান বহলাই আৰু বুঢ়া আঙুলি দুয়োটা লগ লগাই ৰাখিব লাগে। ৩)হাত দুখন আঁঠুৰ মাজত ৰাখিব। ৪)উশাহ এৰি হাত দুখন যিমান পাৰি সিমান আগলৈ দি হালি যাব আৰু থুঁতৰি মাটিত লগাব লাগে। ৫)বাহু সমন্তৰালকৈ ৰাখিব লাগে। ...