Yoga For Diabetes - 8 Yoga Asanas For Diabetes ॥ মধুমেহ ৰোগৰ বাবে যোগ - মধুমেহ ৰোগীৰ বাবে ৮ টা আসন ॥
ভাৰতবৰ্ষত ২০১৭ চনত পৃথিৱীৰ প্ৰায় ৪৯ শতাংশ মধুমেহ(Diabetes) ৰোগী পোৱা গৈছিল। এই সংখ্যা ২০২০ চনলৈ প্ৰায় দুগুন হব বুলি অনুমান কৰা হৈছে। গতিকে ভাৰতবৰ্ষৰ বাবে ই এটা ডাঙৰ সমস্যাৰূপে থিয় দিছে। মানুহৰ শাৰীৰিক পৰিশ্ৰম কমি মানসিক পৰিশ্ৰম বৃদ্ধি পোৱা কৰণেই এই বেমাৰ দিনক দি4নে বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে। প্ৰতিদিনে বহুত মধুমেহ ৰোগীয়ে ইনছুলিন লব লগা অৱস্থা হৈছে যাৰ ফলত সেই পৰিয়ালবোৰ আৰ্থিকভাৱে দুৰ্বল হৈ যায়। পইচা খৰছ নকৰাকৈ মাত্ৰ অলপ সময়ৰ বিনিময়ত যোগ কৰি এই ৰোগ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পাৰি। এই post টোত ১০ আসনৰ বিষয়ে কোৱা হৈছে যিকেইটা নিয়মিত অভ্যাস কৰিলে মধুমেহ ৰোগৰ পৰা মুক্তি পাব পাৰি।
১)শশঙ্কাসন ( Seated Forward Bend)
প্ৰণালীঃ
১)বজ্ৰাসনত বহিব।
২)আঁঠু দুটা যিমান পাৰি সিমান বহলাই আৰু বুঢ়া আঙুলি দুয়োটা লগ লগাই ৰাখিব লাগে।
৩)হাত দুখন আঁঠুৰ মাজত ৰাখিব।
৪)উশাহ এৰি হাত দুখন যিমান পাৰি সিমান আগলৈ দি হালি যাব আৰু থুঁতৰি মাটিত লগাব লাগে।
৫)বাহু সমন্তৰালকৈ ৰাখিব লাগে।
৬)সন্মুখৰ ফালে চাই আসনৰ অৱস্থাটো বজাই ৰাখিব।
৭) উশাহ লৈ আগৰ অৱস্থালৈ আহিব।
৮) উশাহ এৰি বজ্ৰাসনত আহি বিশ্ৰাম কৰিব।
সময়ঃ
১০ ছেকেণ্ড সময়কৈ আসনটো ৩-৪ কৰিব লাগে।
উপকাৰিতাঃ
১)এই আসনে মানসিক চাপ আৰু ক্ৰোধ কমাত সহায় কৰে।
২)এই আসনে জননাংগত শক্তি যোগায়, কোষ্ঠকাঠিন্য, বদহজম, মধুমেহ ৰোগ দূৰ কৰে।
সাৱধানতাঃ
১)অতিপাত ককালৰ বিষত কৰিব নালাগে।
২)উচ্চ ৰক্তচাপ ৰোগীয়ে এই আসন কৰিব নালাগে।
৩)আঁঠুত বাত বিষত ভুগি থাকিলে নকৰিব।
২)ভূজংগাসন(Cobra posture)
(পূৰ্ৱস্থিতি-বিপৰীত শয়ণ স্থিতি)
প্ৰণালীঃ
১) দুয়োখন হাত বুকুৰ দুয়োফালে ৰাখিব লাগে। কিলাকুটি দুটা গাৰ কাষলৈ চপাই লৈ কপাল মাটিত লগাই উশাহ এৰিব লাগে।
২)উশাহ লৈ লাহে লাহে ককালৰ পৰা মূৰলৈ অংশখিনি যিমান পৰা যায় ওপৰলৈ তুলিব লাগে। দুয়োখন হাতৰ কিলাকুটি সম্পূৰ্ণ পোন হোৱালৈকে বুকু ওপৰলৈ তুলি মূৰ যিমান পাৰি সিমান পিছফালে নি স্থিৰে ৰাখিব লাগে। এই স্থিতিত উশাহ নিশাহ স্বাভাবিক ৰখা প্ৰয়োজন।
সময়ঃ
আসন স্থিতি সম্পূৰ্ণ হলে উশাহ- নিশাহ স্বাভাৱিকভাৱে লব লাগে। আসন স্থিতিত ১০ পৰা ১৫ ছেকেণ্ডলৈ স্থিৰেৰে ৰখাৰ পাছত স্থিতি এৰিব লাগে। প্ৰথম অবস্থাত এনেদৰে ৪/৫ বাৰ অনুশীলন কৰি অভ্যাসৰ দ্বাৰা ২ মিনিটলৈ বঢ়াব পাৰি।
উপকাৰিতাঃ
১)পেটফুলা, অজীৰ্ণ, কোষ্ঠবদ্ধতা আদি ৰোগ নাইকিয়া হয়।
২)মধুমেহ ৰোগীত ভোগা ৰোগীয়ে এই আসন অভ্যাস কৰিলে সু - ফল লাভ কৰে।
সাৱধানতাঃ
১)হৰ্ণিয়া, মূৰৰ বিষ আৰু পিঠিৰ বিষ থকা মানুহে কৰিব নালাগে।
২) গৰ্ভৱতী মহিলাই কৰিব নালাগে।
৩)সেতুবন্ধ আসন ( Bridge Formation Pose)
(পূৰ্বস্থিতি- শয়নস্থিতি)
প্ৰণালীঃ
১)দুয়োখন হাত কোচাই আনি গোৰোহা অঞ্চল তপিনাৰ কাষত ৰাখিব লাগে।
২)দুয়োহাতেৰে দুয়োভৰিৰ সৰু গাঁঠিৰ অঞ্চলত দৃঢ়ভাৱে ধৰিব লাগে।
৩)উশাহ লৈ লাহে লাহে কমৰ অংশ ওপৰলৈ যিমান পাৰি উঠাই দিব লাগে আৰু দলংৰ দৰে আকৃতি কৰিব লাগে।
৪)স্বাভাৱিকভাৱে উশাহ- নিশাহ লৈ থাকি ১০-৩০ ছেকেণ্ড ৰ'ব লাগে।
৫)উশাহ এৰি লাহে লাহে আগৰ অৱস্থালৈ আহি শৱাসনত আৰাম লব লাগে।
সময়ঃ
প্ৰথম অৱস্থাত ১০-৩০ ছেকেণ্ড ৰৈ ৩/৪ বাৰ কৰিব লাগে। অনুশীলনৰ পাছত ইয়াক ১-৩ মিনিটলৈ বঢ়াব পাৰি।
উপকাৰিতাঃ
১)মধুমেহ ৰোগী সকলে এই আসন অভ্যাস কৰিলে সকাহ পায়।
২)পেটৰ অংগৰ ক্ষমতা বৃদ্ধি পায় আৰু বদহজম, কোষ্ঠকাঠিন্য দূৰ কৰে।
সাৱধানতাঃ
হাৰ্ণিয়া, পেটৰ ঘাঁ থাকিলে আৰু গৰ্ভাৱস্থাৰ আগৰ অৱস্থাত কৰিব নালাগে।
৪)ধনুৰাসন( Bow Posture)
(পূৰ্বস্থিতি - বিপৰীত শয়নস্থিতি)
প্ৰণালীঃ
১)দুয়োখন ভৰি আঠুত ভাজ কৰি আঠুৰ মাজত ছয় সাত ইঞ্চি ফাক কৰি ল'ব লাগে।
২)উশাহ এৰি দুয়োখন ভৰিৰ সৰু গাঠিৰ ওচৰত ভালদৰে ধৰিব লাগে।
৩)উশাহ লৈ লাহে লাহে হাতেৰে ভৰিক আৰু ভৰিৰে হাতক টানি ওপৰৰ পিনে যিমান পাৰি উঠাব লাগে। ৪)এই আসনত পেটৰ অংশহে মাটিত লাগি থাকিব। ভৰিৰ উৰু অংশ আৰু বুকু, কান্ধ আদি সম্পূৰ্ণকৈ মাটিৰ পৰা ওপৰলৈ উঠিব।
৫)হলাসন(Halasana)
(পূৰ্বস্থিতি- শয়নস্থিতি)
প্ৰণালীঃ
১)উশাহ লৈ দুয়োখন ভৰি ওপৰলৈ তুলি মাটিৰ লগত সমকোণ লৈ ৰাখিব লাগে।
২) উশাহ এৰি ককাল ওপৰলৈ তুলি ভৰি মূৰৰ ওপৰলৈ নিব লাগে।
৩) উশাহ সম্পূৰ্ণকৈ এৰি ভৰিৰ আঙুলি মূৰৰ পিছফালে মাটিত লগাব লাগে। ভৰিৰ পটা টালি ৰাখি উশাহ স্বাভাৱিকভাবে ল'ব লাগে। আঠু ভাজ নকৰাকৈ পোনকৈ ৰাখিব লাগে।
সময়ঃ
প্ৰথম অৱস্থাত ১০/১৫ ছেকেণ্ড স্থিৰে থাকি স্থিতি এৰিব লাগে। এইদৰে ৩/৪ বাৰ পুনৰাবৃত্তি কৰা ভাল। আসন ভালদৰে কৰিব পৰা হলে ৩০ ছেকেণ্ডলৈ স্থিৰে ৰাখিলে ইয়াৰ সুফল পোৱা যায়।
উপকাৰিতাঃ
১)যৌৱনগ্ৰন্থি সুস্থ-সবল কৰি তুলি তাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰোত সহায় কৰে ।
২)ডায়েবেটিছ (মধুমেহ) ৰোগত হলাসন উপযোগী।
সাৱধানতাঃ
১)গৰ্ভৱতী মহিলাই এই আসনটো কৰিব নালাগে।
২)মহিলাই মাহেকীয়া ৰ সময়ত এই আসন কৰিব নালাগে।
৩)হৰ্ণিয়া, উচ্চৰক্ত চাপ, পিঠি বা ডিঙিৰ বিষ থকা মানুহে কৰিব নালাগে।
৬)সৰ্বাংগাসন(Sarvangasana)
(পূৰ্বস্থিতি- শয়নস্থিতি)
প্ৰণালীঃ
১)উশাহ এৰি পুনৰ লাহে লাহে উশাহ দুয়োখন ভৰি ৯০ ডিগ্ৰী কোণ কৰি উঠাই ৰাখিব লাগে। আঠুত ভাজ কৰিব নালাগে ।
২)উশাহ এৰি ককাল ওপৰলৈ তুলি ভৰি মূৰৰ পিনে পিছলৈ নিব লাগে।
৩)উশাহ লৈ গাটো যিমান পাৰি সিমান ওপৰলৈ তুলি দুয়োখন হাত কিলাকুটিত ভাজ কৰি কান্ধৰ তল অংশত ধৰিবলৈ যত্ন কৰিব লাগে। পিঠি, ককাল আৰু ভৰি সৰলৰেখাৰ দৰে আৰু মাটিৰ পৰা লম্ব অৱস্থাত থাকিব। দৃষ্টি ভৰিৰ বুঢ়া আঙুলিত স্থিৰ ৰাখি উশাহ-নিশাহ স্বাভাৱিক হোৱা দৰকাৰ ।
সময়ঃ
এই আসন প্ৰথম অৱস্থাত ২০/৩০ ছেকেণ্ড সময় পূৰ্ণস্থিতিত ৰাখি ২/৩ বাৰ অনুশীলন কৰিব লাগে। নিয়মিত অভ্যাস কৰিলে এই আসন ২/৩ মিনিট সময় স্থিৰে ৰাখিব পৰা যায়।
উপকাৰিতাঃ
১)সৰ্বাংগাসনে মধুমেহ ৰোগ নিৰাময়ত সহায় কৰে।
২)টনছিলাইটিছ, ফেৰেনজাইটিছ,স্বপ্নদোষ, শুক্ৰহীনতা আদি ৰোগ নিৰাময়ত সু-ফল পোৱা যায়।
সাৱধানতাঃ
হৃদৰোগ, ৰক্তচাপ বৃদ্ধি, স্পণ্ডেলাইটিছ, মস্তিষ্কৰ ভোগা ৰোগীয়ে সৰ্বাংগাসন কৰিব নালাগে।
৭)অৰ্ধমৎস্যেন্দাসন(Half Twist Posture)
প্ৰণালীঃ
(স্থিতি- বৈঠক অথবা সমতল স্থিতি)
১)বাঁওভৰিখন আঠুত ভাজ কৰি সোঁভৰিৰ ওপৰেদি আনি সোঁভৰিৰ সোকাষে আঠুৰ কায়ত ৰাখিব লাগে।
২)সোঁ ভৰিখন কোচাই আনি বাঁও তপিনাৰ ওচৰত সোঁভৰিৰ পতা মাটিত ৰাখিব লাগে।
৩) সোঁ হাতেৰে বাওঁ আঠু বেকা কৰি বাওঁ ভৰিৰ বুঢ়া আঙুলিত ধৰিব লাগে।
৪)কান্ধ আৰু ডিঙি যিমান পাৰি সিমান বাওঁপিনে ঘূৰাব লাগে। বাওঁ হাতখন বাওঁপিনেৰে পিছলৈ হাতৰ তলুৱা বাহিৰ ফাললৈ ৰাখি সোঁ উৰুৰ ওচৰলৈ নিয়া দৰকাৰ। চকুৰ দৃষ্টি বাওঁপিনেৰে পিছফালে ঘূৰাই নিৰ্দিষ্ট বিন্দু এটাত স্থিৰে ৰাখিব লাগে। শ্বাস-প্ৰশ্বাস স্বাভাৱিক।
৫)এই আসনটো বিপৰীত দিশতো অনুশীলন কৰিব লাগে।
সময়ঃ
এই আসনটো যিমানখিনি স্থিতি লৈ আনিব পৰা যায় সিমান খিনি স্থিতিত ২০-৩০ ছেকেণ্ড সময় স্থিৰে থাকিব লাগে।এনেকৈ ৩/৪ বাৰ অনুশীলন কৰি লাহে লাহে অভ্যাসৰ দ্বাৰা ইয়াক কমেও ১ মিনিটলৈ বঢ়াব পাৰি।
উপকাৰিতাঃ
১)অগ্নাশয়ৰ কাৰ্য্যক্ষমতা বৃদ্ধি হোৱা ফলত পাচক ৰস আৰু ইনচুলিন আৱশ্যক অনুসৰি নিঃসৰিত হৈ খাদ্যৰ পৰিপাক আৰু চেনিৰ বিপাক কাৰ্য্য নিয়াৰিকৈ চলাত সহায় কৰে।
২)মধুমেহ ৰোগ, বৃক্কৰ ৰোগ, যকৃত, প্লীহাৰ দোষ মুক্ত কৰাৰ বাবে অৰ্ধমৎস্যেন্দ্ৰাসন উৎকৃষ্ট আসন।

এই আসনৰ পূৰ্ণস্থিতিত আৰম্ভণিতে ৫ ৰ পৰা ১০ ছেকেণ্ড স্থিৰে ৰাখিব চেষ্টা কৰিব লাগে। কিছু অভ্যাসৰ পিছত ইয়াক ১০ পৰা ২০ ছেকেণ্ডলৈ বঢ়াই ২/৩ বাৰ অনুশীলন কৰা ভাল।
উপকাৰিতাঃ
১)মধুমেহ আৰু ককালৰ বিষ নিৰাময়ৰ ক্ষেত্ৰত এই আসনে যথেষ্ট পৰিমাণে সহায় কৰে।
২)এই আসনৰ অভ্যাসে উদৰ, ককাল আদিত জমা হোৱা চৰ্বি নাইকিয়া কৰে আৰু হাত ভৰিৰ মাংসপেশী সবল কৰে।
সাৱধানতাঃ
যিসকলে গলগণ্ড বেমাৰত ভুগি আছে তেওলোকে এই আসন কৰিব নালাগে।
৫)হলাসন(Halasana)
(পূৰ্বস্থিতি- শয়নস্থিতি)
প্ৰণালীঃ
১)উশাহ লৈ দুয়োখন ভৰি ওপৰলৈ তুলি মাটিৰ লগত সমকোণ লৈ ৰাখিব লাগে।
২) উশাহ এৰি ককাল ওপৰলৈ তুলি ভৰি মূৰৰ ওপৰলৈ নিব লাগে।
৩) উশাহ সম্পূৰ্ণকৈ এৰি ভৰিৰ আঙুলি মূৰৰ পিছফালে মাটিত লগাব লাগে। ভৰিৰ পটা টালি ৰাখি উশাহ স্বাভাৱিকভাবে ল'ব লাগে। আঠু ভাজ নকৰাকৈ পোনকৈ ৰাখিব লাগে।
সময়ঃ
প্ৰথম অৱস্থাত ১০/১৫ ছেকেণ্ড স্থিৰে থাকি স্থিতি এৰিব লাগে। এইদৰে ৩/৪ বাৰ পুনৰাবৃত্তি কৰা ভাল। আসন ভালদৰে কৰিব পৰা হলে ৩০ ছেকেণ্ডলৈ স্থিৰে ৰাখিলে ইয়াৰ সুফল পোৱা যায়।
উপকাৰিতাঃ
১)যৌৱনগ্ৰন্থি সুস্থ-সবল কৰি তুলি তাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰোত সহায় কৰে ।
২)ডায়েবেটিছ (মধুমেহ) ৰোগত হলাসন উপযোগী।
সাৱধানতাঃ
১)গৰ্ভৱতী মহিলাই এই আসনটো কৰিব নালাগে।
২)মহিলাই মাহেকীয়া ৰ সময়ত এই আসন কৰিব নালাগে।
৩)হৰ্ণিয়া, উচ্চৰক্ত চাপ, পিঠি বা ডিঙিৰ বিষ থকা মানুহে কৰিব নালাগে।
৬)সৰ্বাংগাসন(Sarvangasana)
প্ৰণালীঃ
১)উশাহ এৰি পুনৰ লাহে লাহে উশাহ দুয়োখন ভৰি ৯০ ডিগ্ৰী কোণ কৰি উঠাই ৰাখিব লাগে। আঠুত ভাজ কৰিব নালাগে ।
২)উশাহ এৰি ককাল ওপৰলৈ তুলি ভৰি মূৰৰ পিনে পিছলৈ নিব লাগে।
৩)উশাহ লৈ গাটো যিমান পাৰি সিমান ওপৰলৈ তুলি দুয়োখন হাত কিলাকুটিত ভাজ কৰি কান্ধৰ তল অংশত ধৰিবলৈ যত্ন কৰিব লাগে। পিঠি, ককাল আৰু ভৰি সৰলৰেখাৰ দৰে আৰু মাটিৰ পৰা লম্ব অৱস্থাত থাকিব। দৃষ্টি ভৰিৰ বুঢ়া আঙুলিত স্থিৰ ৰাখি উশাহ-নিশাহ স্বাভাৱিক হোৱা দৰকাৰ ।
সময়ঃ
এই আসন প্ৰথম অৱস্থাত ২০/৩০ ছেকেণ্ড সময় পূৰ্ণস্থিতিত ৰাখি ২/৩ বাৰ অনুশীলন কৰিব লাগে। নিয়মিত অভ্যাস কৰিলে এই আসন ২/৩ মিনিট সময় স্থিৰে ৰাখিব পৰা যায়।
উপকাৰিতাঃ
১)সৰ্বাংগাসনে মধুমেহ ৰোগ নিৰাময়ত সহায় কৰে।
২)টনছিলাইটিছ, ফেৰেনজাইটিছ,স্বপ্নদোষ, শুক্ৰহীনতা আদি ৰোগ নিৰাময়ত সু-ফল পোৱা যায়।
সাৱধানতাঃ
হৃদৰোগ, ৰক্তচাপ বৃদ্ধি, স্পণ্ডেলাইটিছ, মস্তিষ্কৰ ভোগা ৰোগীয়ে সৰ্বাংগাসন কৰিব নালাগে।
৭)অৰ্ধমৎস্যেন্দাসন(Half Twist Posture)
প্ৰণালীঃ
(স্থিতি- বৈঠক অথবা সমতল স্থিতি)
১)বাঁওভৰিখন আঠুত ভাজ কৰি সোঁভৰিৰ ওপৰেদি আনি সোঁভৰিৰ সোকাষে আঠুৰ কায়ত ৰাখিব লাগে।
২)সোঁ ভৰিখন কোচাই আনি বাঁও তপিনাৰ ওচৰত সোঁভৰিৰ পতা মাটিত ৰাখিব লাগে।
৩) সোঁ হাতেৰে বাওঁ আঠু বেকা কৰি বাওঁ ভৰিৰ বুঢ়া আঙুলিত ধৰিব লাগে।
৪)কান্ধ আৰু ডিঙি যিমান পাৰি সিমান বাওঁপিনে ঘূৰাব লাগে। বাওঁ হাতখন বাওঁপিনেৰে পিছলৈ হাতৰ তলুৱা বাহিৰ ফাললৈ ৰাখি সোঁ উৰুৰ ওচৰলৈ নিয়া দৰকাৰ। চকুৰ দৃষ্টি বাওঁপিনেৰে পিছফালে ঘূৰাই নিৰ্দিষ্ট বিন্দু এটাত স্থিৰে ৰাখিব লাগে। শ্বাস-প্ৰশ্বাস স্বাভাৱিক।
৫)এই আসনটো বিপৰীত দিশতো অনুশীলন কৰিব লাগে।
সময়ঃ
এই আসনটো যিমানখিনি স্থিতি লৈ আনিব পৰা যায় সিমান খিনি স্থিতিত ২০-৩০ ছেকেণ্ড সময় স্থিৰে থাকিব লাগে।এনেকৈ ৩/৪ বাৰ অনুশীলন কৰি লাহে লাহে অভ্যাসৰ দ্বাৰা ইয়াক কমেও ১ মিনিটলৈ বঢ়াব পাৰি।
উপকাৰিতাঃ
১)অগ্নাশয়ৰ কাৰ্য্যক্ষমতা বৃদ্ধি হোৱা ফলত পাচক ৰস আৰু ইনচুলিন আৱশ্যক অনুসৰি নিঃসৰিত হৈ খাদ্যৰ পৰিপাক আৰু চেনিৰ বিপাক কাৰ্য্য নিয়াৰিকৈ চলাত সহায় কৰে।
২)মধুমেহ ৰোগ, বৃক্কৰ ৰোগ, যকৃত, প্লীহাৰ দোষ মুক্ত কৰাৰ বাবে অৰ্ধমৎস্যেন্দ্ৰাসন উৎকৃষ্ট আসন।
৮)শৱাসন (Corpse Pose)
(পূৰ্বস্থিতি - শয়নস্থিতি)
প্ৰণালীঃ
১)ওপৰ মুৱাকৈ আৰামত শুই ল'ব।
২)হাত দুখন অলপ মেলি দি তলুৱা ওপৰমুৱাকৈ থাকিব।
৩)দেহাটো শিথিল কৰি দিব।
৪)দীঘল দীঘলকৈ আৰামত উশাহ - নিশাহ ল'ব।
৫)সম্পূৰ্ণ শান্তি অনুভৱ কৰালৈকে এনেদৰে থাকিব।
উপকাৰিতাঃ
১) সকলো মানসিক অৱসাদ দূৰ কৰে।
২)দেহৰ সকলো অংগক শক্তি যোগায়।
৩)পৰিৱেশৰ লগত চঞ্চলভাৱে থকা মন শান্তিপূৰ্ণতা অনুভৱ হয় আৰু মস্তিষ্কৰ শীতলতা প্ৰদান কৰে।

Comments
Post a Comment