10 Best Yoga Posses to Treat and Prevent Thyroid Disorder ॥ নিয়মিত এই ‍১০ টা আসন কৰক আৰু থাইৰয়ডৰ পৰা মুক্তি পাওক॥


       ডিঙিত থকা থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমোন সঠিকভাৱে উৎপন্ন নকৰিলে থাইৰয়ডৰ সমস্যা হোৱা বুলি কোৱা হয়। থাইৰয়ডৰ সমস্যা হ'লে থাইৰয়দ গ্ৰন্থিয়ে থাইৰক্সিন হৰমোন প্ৰয়োজনতকৈ কম বা বেছি পৰিমাণে উৎপন্ন কৰে। থাইৰয়ডৰ এই সমস্যাৰ পৰা কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰাকৈ অকল যোগাভ্যাস কৰি সম্পূৰ্ণভাৱে পৰিত্ৰাণ পাব পাৰি।

     এই postত ১০ টা আসনৰ বিষয়ে আলোচনা কৰা হৈছে যিকেইটা অকল থাইৰয়ডৰ চিকিৎসাৰ বাবেই নহয় থাইৰয়ডৰ পৰা হাত সাৰি থাকিবলৈও কৰা হয়।


১)সৰ্বাংগাসন(Sarvangasana)

(পূৰ্বস্থিতি- শয়নস্থিতি)

 প্ৰণালীঃ
১)উশাহ এৰি পুনৰ লাহে লাহে উশাহ দুয়োখন ভৰি ৯০ ডিগ্ৰি কোণ কৰি উঠাই ৰাখিব লাগে। আঠুত ভাজ কৰিব নালাগে ।                                               

২)উশাহ এৰি ককাল ওপৰলৈ তুলি ভৰি মূৰৰ পিনে পিছলৈ নিব লাগে।

৩)উশাহ লৈ গাটো যিমান পাৰি সিমান ওপৰলৈ তুলি দুয়োখন হাত কিলাকুটিত ভাজ কৰি কান্ধৰ তল অংশত ধৰিবলৈ যত্ন কৰিব লাগে। পিঠি, ককাল আৰু ভৰি সৰলৰেখাৰ দৰে আৰু মাটিৰ পৰা লম্ব অৱস্থাত থাকিব। দৃষ্টি ভৰিৰ বুঢ়া আঙুলিত স্থিৰ ৰাখি উশাহ-নিশাহ স্বাভাৱিক হোৱা দৰকাৰ ।

সময়ঃ
এই আসন প্ৰথম অৱস্থাত ২০/৩০ ছেকেণ্ড সময় পূৰ্ণস্থিতিত ৰাখি ২/৩ বাৰ অনুশীলন কৰিব লাগে। নিয়মিত অভ্যাস কৰিলে এই আসন ২/৩ মিনিট সময় স্থিৰে ৰাখিব পৰা যায়।

উপকাৰিতাঃ
১)সৰ্বাংগাসনৰ স্থিতিৰ ফলত শৰীৰৰ ওপৰৰ ফালে অৰ্থাৎ মূৰৰ ফালে তেজবোৰৰ চলাচল বেছি হয় ফলত থাইৰয়ড গ্ৰন্থি সুস্হ হৈ উঠে।
২)কাণ, নাক আৰু ডিঙিৰ ৰোগ নিৰাময় হয়।

সাৱধানতাঃ
হৃদৰোগ, ৰক্তচাপ বৃদ্ধি, স্পণ্ডেলাইটিছ, মস্তিষ্কৰ ভোগা ৰোগীয়ে সৰ্বাংগাসন কৰিব নালাগে।


২)হলাসন(Halasana)
(পূৰ্বস্থিতি- শয়নস্থিতি)
প্ৰণালীঃ
১)উশাহ লৈ দুয়োখন ভৰি ওপৰলৈ তুলি মাটিৰ লগত সমকোণ লৈ ৰাখিব লাগে।
২) উশাহ এৰি ককাল ওপৰলৈ তুলি ভৰি মূৰৰ ওপৰলৈ নিব লাগে।
৩) উশাহ সম্পূৰ্ণকৈ এৰি ভৰিৰ আঙুলি মূৰৰ পিছফালে মাটিত লগাব লাগে। ভৰিৰ পটা টালি ৰাখি উশাহ স্বাভাৱিকভাবে ল'ব লাগে। আঠু ভাজ নকৰাকৈ পোনকৈ ৰাখিব লাগে।

সময়ঃ
প্ৰথম অৱস্থাত ১০/১৫ ছেকেণ্ড স্থিৰে থাকি স্থিতি এৰিব লাগে। এইদৰে ৩/৪ বাৰ পুনৰাবৃত্তি কৰা ভাল। আসন ভালদৰে কৰিব পৰা হলে ৩০ ছেকেণ্ডলৈ স্থিৰে ৰাখিলে ইয়াৰ সুফল পোৱা যায়।

উপকাৰিতাঃ
এই আসনৰ পূৰ্ণস্থিতিত গলগ্ৰন্থি আৰু থাইমচ্ গ্ৰন্থিত যথেষ্ট হেচা পৰে আৰু স্থিতি এৰি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত এই দুই গ্ৰন্থি হেচাঁমুক্ত হয়। ফলত এই দুই গ্ৰন্থিলৈ উভৈনদীকৈ তেজৰ সৰবৰাহ হয় আৰু পৰিপুষ্টি কৰি সুস্থ-সবল হৈ গ্ৰন্থিদ্বয়ে স্বাভাৱিকভাৱে হৰমন নিঃসৰণ কৰিব পাৰে। এই দুই গ্ৰন্থিৰ ডিঙিৰ সকলো অংশতে তেজৰ সৰবৰাহ যথেষ্ট পৰিমানে বৃদ্ধি হয়।

সাৱধানতাঃ
১)গৰ্ভৱতী মহিলাই এই আসনটো কৰিব নালাগে।
২)মহিলাই মাহেকীয়া ৰ সময়ত এই আসন কৰিব নালাগে।
৩)হৰ্ণিয়া, উচ্চৰক্ত চাপ, পিঠি বা ডিঙিৰ বিষ থকা মানুহে কৰিব নালাগে।


৩)ভূজংগাসন(Cobra posture)

(পূৰ্ৱস্থিতি-বিপৰিত শয়ণ স্থিতি)
প্ৰণালীঃ
১) দুয়োখন হাত বুকুৰ দুয়োফালে ৰাখিব লাগে। কিলাকুটি দুটা গাৰ কাষলৈ চপাই লৈ কপাল মাটিত লগাই উশাহ এৰিব লাগে।
২)উশাহ লৈ লাহে লাহে ককালৰ পৰা মূৰলৈ অংশখিনি যিমান পৰা যায় ওপৰলৈ তুলিব লাগে। দুয়োখন হাতৰ কিলাকুটি সম্পূৰ্ণ পোন হোৱালৈকে বুকু ওপৰলৈ তুলি মূৰ যিমান পাৰি সিমান পিছফালে নি স্থিৰে ৰাখিব লাগে। এই স্থিতিত উশাহ নিশাহ স্বাভাবিক ৰখা প্ৰয়োজন।

সময়ঃ
আসন স্থিতি সম্পূৰ্ণ হলে উশাহ- নিশাহ স্বাভাৱিকভাৱে লব লাগে। আসন স্থিতিত ১০ পৰা ১৫ ছেকেণ্ডলৈ স্থিৰেৰে ৰখাৰ পাছত স্থিতি এৰিব লাগে। প্ৰথম অবস্থাত এনেদৰে ৪/৫ বাৰ অনুশীলন কৰি অভ্যাসৰ দ্বাৰা ২ মিনিটলৈ বঢ়াব পাৰি।

উপকাৰিতাঃ
এই আসনে ডিঙিৰ ওপৰত সুন্দৰ প্ৰভাৱ পেলায় যাৰ ফলত ডিঙিত থকা থাইৰয়ড গ্ৰন্থি সুস্থ অৱস্থালৈ আহে।

সাৱধানতাঃ
১)হৰ্ণিয়া, মূৰৰ বিষ আৰু পিঠিৰ বিষ থকা মানুহে কৰিব নালাগে।
২) গৰ্ভৱতী মহিলাই কৰিব নালাগে।


৪)সেতুবন্ধ আসন(Setubandh sarvangasana)

(পূৰ্বস্থিতি- শয়নস্থিতি)
প্ৰণালীঃ
১)দুয়োখন হাত কোচাই আনি গোৰোহা অঞ্চল তপিনাৰ কাষত ৰাখিব লাগে।
২)দুয়োহাতেৰে দুয়োভৰিৰ সৰু গাঁঠিৰ অঞ্চলত দৃঢ়ভাৱে ধৰিব লাগে।
৩)উশাহ লৈ লাহে লাহে কমৰ অংশ ওপৰলৈ যিমান পাৰি উঠাই দিব লাগে আৰু দলংৰ দৰে আকৃতি কৰিব লাগে।
৪)স্বাভাৱিকভাৱে উশাহ- নিশাহ লৈ থাকি ১০-৩০ ছেকেণ্ড ৰ'ব লাগে।
৫)উশাহ এৰি লাহে লাহে আগৰ অৱস্থালৈ আহি শৱাসনত আৰাম লব লাগে।

সময়ঃ
প্ৰথম অৱস্থাত ১০-৩০ ছেকেণ্ড ৰৈ ৩/৪ বাৰ কৰিব লাগে। অনুশীলনৰ পাছত ইয়াক ১-৩ মিনিটলৈ বঢ়াব পাৰি।

উপকাৰিতাঃ
এই আসন কৰিলে ডিঙিৰ ওপৰত হেচা পৰা বাবে   এই আসন কৰিলে থাইৰয়ডৰ সমস্যা দূৰ হয়।

সাৱধানতাঃ
হাৰ্ণিয়া, পেটৰ ঘাঁ থাকিলে আৰু গৰ্ভাৱস্থাৰ আগৰ অৱস্থাত কৰিব নালাগে।



৫)উষ্ট্ৰাসন(Camel posture)

(পূৰ্বস্থিতি-বজ্ৰাসন)
প্ৰণালীঃ
১)বজ্ৰাসনত বহি আঁঠুৰ ওপৰত থিয় হব লাগে। ভৰি দুখন লগ লাগি থাকিব লাগে যাতে ভূ-পৃষ্ঠৰ সমান্তৰাল হৈ থাকে।
২)উশাহ লৈ পিছফালে হালি যাব লাগে।
৩)ধ্যান দিব লাগে যাতে ডিঙি অংশত কোনো অসুবিধা নহয়।
৪)উশাহ এৰি এৰি সোঁহাতখন সোঁভৰিত আৰু বাওঁহাতখন বাওঁভৰিৰ তলুৱাঁত স্থাপন কৰিব লাগে।
৫)পূৰ্ণ অৱস্থাত উৰু লম্বভাৱে থাকিব আৰু মূৰ অংশ সমৰ্থ অনুসৰি পিছলৈ হালি যাব।
৬)দেহৰ ভাৰসাম্যতা হাত আৰু ভৰিৰ ওপৰত থাকিব।

উপকাৰিতাঃ
এই আসন অভ্যাস কৰিলে থাইৰয়ড আৰু এড্ৰিনেল গ্ৰন্থিবোৰত তেজ চলাচল বঢ়াই এইবোৰক সুস্থ ৰাখে।

সময়ঃ
 এই আসনত ২০-৩০ ছেকেণ্ড সময়লৈ অৱস্থান কৰিব আৰু উশাহ - নিশাহ স্বাভাৱিক ৰাখিব। এই আসনটো ৩-৪ বাৰ কৰিব লাগে আৰু প্ৰত্যেকবাৰ শৱাসন কৰিব লাগে।
ত বঢ়াই এইবোৰক সুস্থ কৰি ৰাখে।

সাৱধানতাঃ
উচ্চৰক্তচাপ, হৃদৰোগ আৰু হাৰ্ণিয়া ৰোগীয়ে কৰিব নালাগে।


৬)ধনুৰাসন( Bow Posture)

(পূৰ্বস্থিতি - বিপৰীত শয়নস্থিতি)u
প্ৰণালীঃ
১)দুয়োখন ভৰি আঠুত ভাজ কৰি আঠুৰ মাজত ছয় সাত ইঞ্চি ফাক কৰি ল'ব লাগে।
২)উশাহ এৰি দুয়োখন ভৰিৰ সৰু গাঠিৰ ওচৰত ভালদৰে ধৰিব লাগে।
৩)উশাহ লৈ লাহে লাহে হাতেৰে ভৰিক আৰু ভৰিৰে হাতক টানি ওপৰৰ পিনে যিমান পাৰি উঠাব লাগে।
৪)এই আসনত পেটৰ অংশহে মাটিত লাগি থাকিব। ভৰিৰ উৰু অংশ আৰু বুকু, কান্ধ আদি সম্পূৰ্ণকৈ মাটিৰ পৰা ওপৰলৈ উঠিব।


সময়ঃ
এই আসনৰ পূৰ্ণস্থিতিত আৰম্ভণিতে ৫ ৰ পৰা ১০ ছেকেণ্ড স্থিৰে ৰাখিব চেষ্টা কৰিব লাগে। কিছু অভ্যাসৰ পিছত ইয়াক ১০ পৰা  ২০ ছেকেণ্ডলৈ বঢ়াই ২/৩ বাৰ অনুশীলন কৰা ভাল।

উপকাৰিতাঃ
নিয়মীয়াকৈ ধনুৰাসন কৰিলে পেটৰ যন্ত্ৰবোৰত তেজ চলাচল বৃদ্ধি পায়। বিশেষকৈ কিড্নি, থাইৰয়ড, এড্ৰিনেল গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে।

সাৱধানতাঃ
যিসকলে গলগণ্ড বেমাৰত ভুগি আছে তেওলোকে এই আসন কৰিব নালাগে।


৭)শীৰ্ষাসন(Headstand Pose)

(পূৰ্বস্থিতি - বজ্ৰাসন)
প্ৰণালীঃ
১)আঁঠু দুটা ভাজ কৰি নিলডাউনৰ ভংগিত বহিব লাগে।
২)মূৰ মাটিত ঠেকাই দুহাতৰ আঙুলি পৰস্পৰ লগ লগাই মূৰৰ পিছফালে ৰাখিব লাগে।
৩)মূৰ, তালু আৰু কিলাকুটিৰ ওপৰত ভৰ দি ভৰি দুখন ওপৰৰ ফালে দাঙি লৈ পোন কৰিব লাগে।
৪)এই আসন কৰাৰ সময়ত উশাহ নিশাহ স্বাভাৱিক ৰাখিব লাগে।

সময়ঃ
২০ ৰ পৰা  ৩০ ছেকেণ্ড সময়লৈ এই আসনটো কৰিব লাগে। আসনটো ৩-৪ বাৰ কৰিব লাগে আৰু প্ৰত্যকবাৰ কৰাৰ পাছতে শৱাসন কৰিব লাগে।

উপকাৰিতাঃ
শীৰ্ষাসন অৱস্থানৰ সময়ত শৰীৰৰ সকলো তেজ মূৰৰ ফালে প্ৰৱাহিত হয় । ফলত স্নায়ুবোৰ সতেজ হোৱাৰ লগতে শৰীৰৰ গ্ৰন্থিবোৰ কাৰ্য্যক্ষম হয়।

সাৱধানতাঃ
যিসকলে ৰক্তচাপ আৰু চকুৰ কঠিন বেমাৰত ভুগিছে তেওলোকে এই আসনটো কৰিব নালাগে।


৮)বিপৰীতকৰণী মুদ্ৰা( Inverted Pose)

(পূৰ্বস্থিতি - শৱাসন)
প্ৰণালীঃ
১)চিৎ হৈ শৱাসনত শুই দুহাত শৰীৰৰ দুকাষে ৰাখিব লাগে।
২)আঁঠু দুটা ভাঁজ কৰি পেটৰ ওচৰলৈ লৈ আহিব লাগে আৰু ভৰি দুখন পোন কৰি লাহে লাহে ওপৰলৈ তুলিব লাগে।
৩)দুহাতৰ কিলাকুটিৰে শৰীৰৰ দুকাষে মাটিত ঠেকা দি হাতৰ তলুৱাৰে চিত্ৰৰ দৰে ককাঁল ওপৰৰ ফালে ঠেলি ধৰিব লাগে যাতে ভৰি দুখন পোন হয় আৰু একেলগ হৈ ককাঁলৰ সমসুত্ৰত থাকে।

সময়ঃ
উশাহ-নিশাহ স্বাভাৱিক ৰাখি প্ৰতিবাৰ ২০- ৰ পৰা ৩০ ছেকেণ্ড সময় দি ৩ বাৰ কৰিব লাগে। প্ৰত্যেকবাৰ কৰাৰ পিছত এবাৰকৈ শৱাসনত জিৰণি লব লাগে।

উপকাৰিতাঃ
এই মুদ্ৰাটো নিয়মীয়াকৈ অভ্যাস কৰিলে নিৰোগ জীৱন যাপনত সহায়ক হয়, শৰীৰৰ গ্ৰন্থিবোৰ সুস্থ ৰখাত এই আসনে যথেষ্ট সহায় কৰে।

সাৱধানতাঃ
১) মহিলা সকলে মাহেকীয়াৰ সময়ত কৰিব নালাগে।
২)চকুৰ কঠিন ৰোগ হৈ থকা সকলে এই মুদ্ৰা কৰিব নালাগে।
৩)ডিঙি আৰু পিঠিৰ সমস্যা থকাসকলে কৰিব নালাগে।


৯)মৎস্যাসন ( Fiah Posture)

(পূৰ্বস্থিতি - শয়ণস্থিতি)
প্ৰণালীঃ
১)বাঁওভৰি আঠুত ভাজ কৰি সোঁ উৰুৰ ওপৰত ৰাখিব লাগে।
২)সোঁভৰি আঠুত ভাজ কৰি বাঁও উৰুৰ ওপৰত ৰাখিব লাগে।
৩)দুই হাতৰ সহায় লৈ কিলাকুটিত ভাজ কৰি কান্ধ ওপৰলৈ তুলিব লাগে। ডিঙি পিছলৈ ভাজ কৰি তল অংশ মাটিত ৰাখিব লাগে।
৪)দিয়োখন হাতেৰে বিপৰীত ভৰিৰ বুঢ়া আঙুলিত ধৰি উশাহ- নিশাহ স্বাভাবিকভাৱে ল'ব লাগে।

সময়ঃ
উশাহ- নিশাহ স্বাভাবিক ৰাখি আসনটো প্ৰতিবাৰ  ২০-৩০ ছেকেণ্ড সময় ধৰি ৩/৪ বাৰ কৰিব লাগে। প্ৰতিবাৰ কৰাক পিছত শৱাসনত জিৰণি ল'ব লাগে।

উপকাৰিতাঃ
এই আসনটো কৰাৰ সময়ত ডিঙিৰ ওপৰত সুন্দৰ প্ৰাভাৱ পৰে যাৰ বাবে ডিঙিত থকা থাইৰয়ড গ্ৰন্থিয়ে স্বাভাবিকভাৱে কাম কৰিব আৰম্ভ কৰে।

সাৱধানতাঃ
১)মাহেকীয়া আৰু গৰ্ভাৱস্থাত মহিলা সকলে এই আসন কৰিব নালাগে।
২)হাৰ্ণিয়া আৰু উচ্চৰক্তচাপ থাকিলে এই আসন কৰিব নালাগে।


১০)শৱাসন (Corpse Pose)

(পূৰ্বস্থিতি - শয়নস্থিতি)
প্ৰণালীঃ
১)ওপৰ মুৱাকৈ আৰামত শুই ল'ব।
২)হাত দুখন অলপ মেলি দি তলুৱা ওপৰমুৱাকৈ থাকিব।
৩)দেহাটো শিথিল কৰি দিব।
৪)দীঘল দীঘলকৈ আৰামত উশাহ - নিশাহ ল'ব।
৫)সম্পূৰ্ণ শান্তি অনুভৱ কৰালৈকে এনেদৰে থাকিব।

উপকাৰিতাঃ
‍১) সকলো মানসিক অৱসাদ দূৰ কৰে।
২)দেহৰ সকলো অংগক শক্তি যোগায়।
৩)পৰিৱেশৰ লগত চঞ্চলভাৱে থকা মন শান্তিপূৰ্ণতা অনুভৱ হয় আৰু মস্তিষ্কৰ শীতলতা প্ৰদান কৰে।







আমি কি  আহাৰ খোৱা উপকাৰি -  আমিষ নে নিৰামিষ?

আহাৰ কেনেদৰে খাব লাগে?


ads

Comments

Popular posts from this blog

'যোগ' মানে কি?

Yoga For Diabetes - 8 Yoga Asanas For Diabetes ॥ মধুমেহ ৰোগৰ বাবে যোগ - মধুমেহ ৰোগীৰ বাবে ৮ টা আসন ॥