'যোগ' মানে কি?
'যোগ' (YOGA) মানে কি বুলি প্ৰশ্ন কৰিলে বিভিন্ন মানুহে বিভিন্ন ধৰণে উত্তৰ দিয়া দেখা যায়। সকলোৰে উত্তৰএকে পোৱা নাযায়। কিছুমানে ব্যায়াম কৰাকে যোগ বুলি ভাবে। আকৌ কিছুমানে যোগ বুলিলে যোগাসন, প্ৰাণায়ম অথবা পাহাৰ পৰ্বতত গৈ ধ্যান কৰা কাৰ্য্যকে যোগ বুলি ভাবে। আজি কালি ডাক্তৰে ৰোগী সকলক দুই এটা আসন কৰিবলৈ দিয়া দেখা যায় । সেয়েহে কিছুমানে আকৌ যোগক চিকিৎসা পদ্ধতি বুলিহে ভাবে।
যোগ শব্দটো সংস্কৃতৰ "যুজ" ধাতুৰ পৰা উৎপত্তি হেছে।ইয়াৰ বুৎপত্তিগত অৰ্থ হ'ল বন্ধন কৰা, যুক্ত কৰা, উন্নীত কৰা। কিন্তু যোগ শাস্ত্ৰত ইয়াৰ অৰ্থ ব্যপক। যোগ শাস্ত্ৰৰ মতে সংযোগ কৰা, লগ লগোৱা অথবা মিলন ঘটোৱা। যেনে শৰীৰ আৰু মনৰ, জীৱাত্মাৰ লগত পৰাত্মাৰ মিলন। অৰ্থাৎ আত্মা আৰু পৰাত্মাৰ সংযোগ কৰাই হৈছে যোগ।
শ্ৰীমদ্ভাগৱত গীতাৰ ২য় অধ্যায়ত পোৱা যায় - "সমত্বং যোগ উচ্চতে"। অৰ্থ্যাৎ সমভাৱৰ আচৰণ কৰাই হ'ল যোগ। ইয়াৰ লক্ষ্য শৰীৰ আৰু মনৰ মাজত এক সু-সমন্বয় গঢ়ি তোলা। পতঞ্জলি যোগ দৰ্শনতো " যোগ চিত্ত বৃত্তি নিৰোধ" বুলি যোগৰ ব্যাখ্যা দাঙি ধৰিছে। অৰ্থাৎ চিত্ত বৃত্তি নিৰোধ কৰাই হৈছে যোগ। যোগত শৰীৰ আৰু মন দুয়োটাৰে ওপৰত পৰস্পৰ সংস্কাৰ দি অতি চঞ্চল প্ৰকৃত সুখ প্ৰাপ্তিৰ বাবে আগবাঢ়ি যোৱাৰ পথ প্ৰদৰ্শন কৰা হয়। সেয়েহে যোগক সুখ আৰু সমৃদ্ধি জীৱন যাপনৰ ৰাজমাৰ্গ বুলিও কোৱা হয়।
শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে-
" যোগঃ কৰ্মসু কৌশলম্ "॥ ২/৫০ ॥
অৰ্থাৎ কৰ্মৰ কুশলতা প্ৰাপ্তিয়ে হ'ল যোগ অথবা যোগৰ দ্বাৰাই কৰ্মৰ কুশলতা বৃদ্ধি হয় ।
মানুহে কি আহাৰ খোৱা উপকাৰি- আমিষ নে নিৰামিষ?
আহাৰ কেনেকৈ খাব লাগে?

Superb
ReplyDelete